Assamese Blogs
1. এটি কলি দুটি পাত
পৃথিৱীৰ অধিকসংখ্যক লোকৰে প্ৰিয় একাপ সতেজ চাহ। একাপ চাহে প্রায় সকলো মানুহৰে দেহ-মন পুলকিত কৰি তোলে। এই বিশেষ গুণটো থকা বাবেই ই সকলো ঠাইতে সকলোৰে মাজত সমাদৃত। প্রথম অৱস্থাত চাহক ঔষধ হিচাপে গণ্য কৰা হৈছিল। কিছুমানে ইয়াক নিচাজাতীয় দ্রব্য বুলিও ধাৰণা কৰিছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তা-ধাৰণাৰ সলনি হোৱা দেখা গ'ল। পানীৰ পিছতে চাহক স্থান দিয়া হ'ল। আনকি বৌদ্ধ ভিক্ষুকসকলেও তেওঁলোকৰ যোগ-সাধনা কৰাৰ সময়ত চাহ পান কৰাৰ প্ৰথা প্ৰচলন আছিল। বিজ্ঞানীসকলে গৱেষণাৰ দ্বাৰা প্ৰমাণ কৰিছে যে চাহ নিচাজাতীয় দ্রব্য নহয়। ই অৱসাদ দূৰ কৰে, উদ্যম শক্তি বঢ়ায়, দেহ পুলকিত কৰে। কিন্তু অতিমাত্রা চাহ খোৱাটো বেয়া। তেতিয়া ই শৰীৰৰ বাবে ক্ষতিকাৰক হৈ পৰে। চীনদেশত প্রথমে চাহ আৱিষ্কাৰ হৈছিল।
এতিয়া অসমলৈ চাহৰ কিদৰে সূত্রপাত হ'ল তাক আমি জনাটো অতি প্রয়োজন। পৃথিৱীৰ অন্যতম শ্রেষ্ঠ শিল্প হ'ল- চাহশিল্প। এই চাহখেতিৰ বাবে অসম পৃথিৱী বিখ্যাত।
আমাৰ অসমত চাহখেতিৰ প্ৰচলন আৰম্ভ হয় ঊনবিংশ শতিকাৰ আদিভাগৰ পৰা। কিন্তু অসমত চাহৰ ব্যৱহাৰ ইংৰাজসকল অহাৰ বহু পূৰ্বৰে পৰা হৈ আছিল। তিব্বত-চীন সীমান্তৰ পৰা আহি উজনি অসমত বসবাস কৰা ছিংফৌ জনজাতিৰ লোকসকলে হাবিত গজা স্থানীয় চাহ গছৰ পাত সিজাই এক ঔষধি পানীয় হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াক তেওঁলোকে 'ফানাপ' বুলিছিল ।১৮২৩ চনত ৰবাৰ্ট ব্ৰুছে তেওঁলোকৰ জৰিয়তেহে অসমৰ থলুৱা চাহ গছ আৱিষ্কাৰ কৰিছিল।
বিভিন্ন অধ্যয়নৰ জৰিয়তে ১৮৩৬ চনৰ পৰা ১৮৩৮ চনৰ ভিতৰত এই কথা পৰিষ্কাৰ হৈ গ'ল যে চাহৰ খেতি বাণিজ্যিক ভাৱে বেছ লাভজনক হ'ব। ১৮৩৯ চনত এজন ইংৰাজ উদ্যোগীয়ে এতিয়াৰ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ওচৰত এখন ব্যক্তিগত চাহ বাগিচা খোলে। অসমত উৎপাদিত চাহ লণ্ডনৰ বজাৰলৈ বিক্ৰীৰ বাবে পঠোৱা হয়। ১৮৪০ চনত বাণিজ্যিকভাৱে চাহ উৎপাদন কৰিবলৈ কেইজনমান ইংৰাজ উদ্যোগী গোট খাই নাজিৰাত ‘অসম কোম্পানী’ নামৰ এটা কোম্পানী মুকলি কৰে আৰু তেনেকৈয়ে বিশেষকৈ উজনি অসমত চাহ বাগিচা স্থাপনৰ কাম আৰম্ভ হয়।
অসমৰ চাহে লণ্ডনত সমাদৰ লাভ কৰাৰ লগে লগে চাহখেতিৰ বাবে সকলোৱে অধিক মনোযোগী হৈ উঠিল। লাহে লাহে ইংৰাজসকলক দেখি অসমৰ লোকসকলো চাহখেতিৰ বাবে আগ্রহী হৈ পৰিছিল। অসমৰ প্ৰথমজন চাহ খেতিয়ক আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। মণিৰাম দেৱান নামে তেওঁ জনাজাত আছিল। তেৱেই আছিল প্ৰথমজন ভাৰতীয় যিয়ে ৰবাৰ্ট ব্ৰুচক সেই ঠাইবোৰৰ বিষয়ে জনাইছিল য’ত এই বন্য চাহ গজিছিল। তেওঁৱেই ব্ৰুচৰ সাক্ষাৎ চিংফৌ জনজাতিৰ মুৰব্বী বীছা গামৰ সৈতে কৰাই দিছিল। ব্ৰুছে চিংফৌ মুখিয়ালৰ পৰা চাহ গছ আৰু তাৰ বীজ সংগ্ৰহ কৰিলে। তেওঁৰ উদ্দেশ্য আছিল ইয়াক বৈজ্ঞানিকভাৱে প্ৰমাণ কৰা যে ই প্ৰকৃত চাহ। অৱশ্যে, ৰবাৰ্ট ব্ৰুচৰ ইয়াৰ মাজতে মৃত্যু হোৱাত তেওঁৰ কাম তেওঁৰ ভাতৃ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে আগুৱাই লৈ গ’ল। ভাতৃ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে সেই পাতৰ নমুনাসমূহ কলকাতাৰ বোটানিকেল গাৰ্ডেনলৈ পঠিয়াইছিল। আৰম্ভণিতে ব্ৰিটিছসকলে ভাবিছিল যে ই আচল চাহ নহয়, কিয়নো তেওঁলোকে বিশ্বাস কৰিছিল যে চাহ কেৱল চীনতহে গজিব পাৰে। কিন্তু ১৮৩৪ চনত ইয়াক "কেমেলিয়া চিনেনচিছ ভেৰিয়েটি আছামিকা" হিচাপে এক সুকীয়া আৰু প্ৰকৃত চাহৰ প্ৰজাতি বুলি স্বীকৃতি দিয়া হয়। ইয়াকে আজি আমি অসম চাহ নামেৰে জানো।
মণিৰাম দেৱানে কেৱল ইংৰাজক সহায় কৰাই নাছিল, বৰঞ্চ তেওঁ আছিল প্ৰথমজন ভাৰতীয় যিয়ে নিজে চাহ বাগিচা আৰম্ভ কৰিছিল। কিন্তু ইংৰাজে বিচৰা নাছিল যে কোনো স্থানীয় মানুহে তেওঁলোকৰ সমপৰ্যায়ৰ ব্যৱসায় কৰক। তেওঁলোকে মণিৰামৰ ওপৰত গধুৰ কৰ জাপি দিলে আৰু তেওঁক হাৰাশাস্তি কৰিলে। এই কাৰণতে মণিৰাম দেৱান ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত সক্ৰিয়ভাৱে জড়িত হৈ পৰিল আৰু ১৮৫৮ চনত যোৰহাটত তেওঁক ফাঁচী দিয়া হ’ল।
বর্তমান বিশ্বত চাহ উৎপাদনকাৰী দেশৰ সংখ্যা প্রায় ৬০ খন আৰু ভাৰতবৰ্ষ হৈছে তাৰে ভিতৰত এখন। ভাৰতৰ ভিতৰত অসম, পশ্চিমবংগ আৰু দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চলত চাহখেতি কৰা হয়। ভাৰতবৰ্ষৰ এই অঞ্চলকেইটাৰ ভিতৰত অসমতেই সবাতোকৈ অধিক অংশত চাহখেতি কৰা হয়। বৰ্তমান অসমত মুঠ ১,২৩,২৪১ খন চাহ বাগিচা আছে সৰু-ডাঙৰ মিলি। অসমত চাহখেতি এতিয়া এক শিল্প উদ্যোগত পৰিণত হৈছে। যাৰ বাবে এতিয়া অসমত চাহখেতিৰ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। ১৯১১ চনত যোৰহাটৰ টোকলাইত এটা চাহ গৱেষণা কেন্দ্র স্থাপন কৰা হৈছে লগতে চাহখেতি আৰু ইয়াৰ উৎপাদনৰ ওপৰতো পৰীক্ষা-নিৰীক্ষা চলোৱাৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাই চাহখেতি আৰু উৎপাদনত প্ৰভূত বৰঙণি যোগাইছে। এছিয়াৰ বৃহত্তম চাহ বাগিচাখনো অসমৰে বিশ্বনাথ চাৰিআলি জিলাত অৱস্থিত, যাক মোনাবাৰী চাহ বাগিচা বুলি জনা যায়। আজি অসম বিশ্বৰ ভিতৰতে চাহ ৰাজধানী হিচাপে গঢ় লৈ উঠিছে, য'ত যোৰহাটে 'চাহ ৰাজধানী' আৰু ডিব্রুগড়ে 'চাহ নগৰী'ৰ গৌৰৱ বহন কৰিছে ।
চাহখেতিৰ উপযুক্ত ঠাই হৈছে পাহাৰৰ দাঁতিৰ এঢলীয়া মাটি আৰু গৰম জলবায়ু, লগতে লাগে যথেষ্ট পানী। অৱশ্যে পানী ৰৈ নথকা এঢলীয়া মাটিও চাহখেতিৰ বাবে উপযোগী। যিহেতু অসমখন পাহাৰ-পৰ্বতেৰে আৱৰা, সেয়েহে হয়তো অসমৰ মাটি চাহখেতিৰ বাবে উপযোগী। এটা সময়ত চাহগছৰ গুটিৰ পৰা পুলি তৈয়াৰ কৰি চাহখেতি কৰা হৈছিল। চ'ত-ব'হাগ মাহত গুটি পচাই শাৰী শাৰীকৈ ৰুই দিয়া হৈছিল। আজিকালি কলম দি চাহগছৰ খেতি কৰা হয়। চাহগছক ছাঁ দিবলৈ মাজে মাজে শিৰীষ জাতীয় গছ ৰোৱা হয়। একোখন বাগিচাৰ পৰা বছৰত চাৰিবাৰ চাহপাত তোলা হয়। চাহ বনুৱাসকলে সময়মতে চাহৰ এটি কলি দুটি পাত সংগ্রহ কৰে। তুলি অনা চাহপাতবোৰ শুকুৱাই লৈ যথানিয়মে কলঘৰত গুড়ি কৰা হয়। পিকো, অৰেঞ্জপিকো, গ'ল্ডেন পিকো, সাধাৰণ আদি চাহৰ বিভিন্ন শ্রেণী আছে।
১৯৭০ চনৰ চেপ্টেম্বৰ মাহত গুৱাহাটীত চাহপাতৰ এটা নিলাম কেন্দ্র স্থাপিত হয়। এই নিলাম কেন্দ্ৰ স্থাপনৰ আগত কলিকতাত থকা কেন্দ্ৰৰ যোগেদি অসমৰ চাহপাত বিক্ৰী কৰা হৈছিল। ২০২০ চনৰ মে মাহত যোৰহাটত ৰাজ্যখনৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্র মুকলি কৰা হয়।
অসমৰ দুবিধ বিখ্যাত চাহ (অৰ্থডক্স আৰু চিটিচি):
Orthodox (অৰ্থডক্স): এইয়া চাহ তৈয়াৰ কৰাৰ পৰম্পৰাগত পদ্ধতি, য’ত পাতবোৰ ভাঙি নোযোৱাকৈ লাহে লাহে মেৰিয়াই (Roll) তৈয়াৰ কৰা হয়। ইয়াৰ ৰং পাতল আৰু সোৱাদ সুগন্ধি হয়। ইয়াক গাখীৰ নোহোৱাকৈ খোৱা হয় আৰু বিদেশত (যেনে ৰাছিয়া, ইৰাণ, জাৰ্মানী) ইয়াৰ চাহিদা বহুত বেছি।
CTC (ক্ৰাছ, টিয়াৰ, কাৰ্ল): এই পদ্ধতিত মেচিনৰ দ্বাৰা পাতবোৰ পিহি, ফালি সৰু সৰু দানাযুক্ত কৰা হয়। এই চাহ ডাঠ ৰঙৰ হয়। ই ভাৰতৰ প্ৰতিটো ঘৰৰে প্ৰিয় আৰু গাখীৰ-চেনিৰে বনোৱা 'মচলা চাহ'ৰ বাবে ব্যৱহাৰ কৰা হয়।
অসমলৈ বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা অনেক লোকৰ প্ৰব্ৰজন ঘটিছিল। ভাৰতৰ কেইবাখনো ৰাজ্যৰ পৰা চাহ জনগোষ্ঠীৰ লোকসকল অসমলৈ আহিছিল। কিন্তু এই জনগোষ্ঠীৰ লোকৰ প্রব্রজন স্বাভাৱিক নাছিল। ইষ্ট ইন্ডিয়া কোম্পানীয়ে চাহ শ্ৰমিকৰ চাহিদা পূৰণ কৰিবলৈ ভাৰত বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি আনিছিল। অসম চাহ কোম্পানীৰ অধীনত চাহ খেতি লাহে লাহে প্ৰসাৰিত হৈছিল কিন্তু প্রয়োজন অনুসৰি থলুৱা শ্ৰমিকৰ অভাৱ আছিল। সেয়ে চীন দেশ আৰু ভাৰতৰ বিভিন্ন ঠাইৰ পৰা শ্রমিক সংগ্ৰহ কৰাৰ কথা ইংৰাজে চিন্তা কৰে। তাৰ কাৰণে কোম্পানীয়ে কিছু মধ্যভোগী নিয়োগ কৰিছিল। এইসকল মধ্যভোগীয়ে পশ্চিমবংগ, বিহাৰ, ঝাড়খণ্ড, ছত্তিশগড়, মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ, অন্ধ্রপ্রদেশ, মাদ্রাজ আদি ৰাজ্যৰ পৰা শ্রমিক সংগ্ৰহ কৰি আনিছিল। এনেদৰে অসমলৈ শ্রমিক সংগ্ৰহ কৰি অনা কাৰ্যক মজদুৰ চালান বুলি কোৱা হৈছিল। মজদুৰ চালান দুই ধৰণৰ আছিল। এটা হ'ল গিৰমিটিয়া চালান আৰু আনটো হ'ল আড়কাঠিয়া চালান। লিখিত চুক্তি অনুসৰি নিৰ্দিষ্ট সময়ৰ বাবে শ্রমিক অনাটোক গিৰমিটিয়া চালান আৰু কোনো চুক্তি নকৰাকৈ চল-বলে-কৌশলে সংগ্ৰহ কৰাটোক আড়কাঠিয়া চালান বুলি কোৱা হৈছিল।
অসম চাহ কোম্পানীয়ে উনৈশ শতিকাৰ মাজভাগত হাজাৰিবাগ জিলাৰ পৰা পোন প্রথমে ৬০ জন শ্রমিক সংগ্ৰহ কৰি আনিছিল, যদিও সেইসকল শ্রমিক অসম আহি নাপালেই। ৰোগাক্রান্ত হৈ আধাখিনি শ্রমিকৰ আধাবাটতে মৃত্যু হ'ল আৰু বাকীসকল উভতি গ'ল। ইয়াৰ পাছত ছোটানাগপুৰ অঞ্চলৰ পৰা কোম্পোনীয়ে মধ্যভোগীৰ দ্বাৰা শ্রমিক সংগ্ৰহ কৰে। এইসকল শ্রমিকৰো কিছু অংশহে অসমৰ মাটিত ভৰি দিবলৈ সক্ষম হয়। আন একাংশৰ বাটতে মৃত্যু ঘটে। কিন্তু লাহে লাহে শ্রমিকৰ সংখ্যা বৃদ্ধি পায়। ১৮৭৭ চনত চুক্তিবদ্ধ শ্রমিকৰ সংখ্যা হয়গৈ ৪৬,৭৬৫ জন। যিহেতু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকল আহিছিল, সেয়ে তেওঁলোকৰ জাতি, বর্ণ, ধর্ম, ভাষা, কৃষ্টি-সংস্কৃতি আছিল বেলেগ বেলেগ। কিন্তু অসমলৈ আহি চাহ বাগিচাৰ একে পৰিৱেশত থাকি কাম কৰিব লগা হয় । প্রথমাৱস্থাত কিছু অসুবিধাৰ সৃষ্টি হ'লেও সময় বাগৰাৰ লগে লগে পাৰস্পৰিক সংযোগ আৰু সৌহার্দ্যৰভাৱ গঢ়ি উঠিল। চুক্তিবদ্ধ এচাম কর্মী নিজ ঠাইলৈ উভতিল যদিও বাকীসকল এই অসমকে নিজ ভূমি বুলি ভাবি ৰৈ গ'ল। অসমতে স্থায়ীভাৱে থাকি যোৱা শ্ৰমিকসকলৰ মাজত উমৈহতীয়া এটা সংযোগী ভাষা অর্থাৎ লিংগুৱাফ্রাংকা গঢ় লৈ উঠিল যাক অসমীয়া চাদ্রী ভাষা বা বাগানীয়া ভাষা বুলি অভিহিত কৰা হয়। এই ভাষাটো হিন্দী, উড়িয়া, বঙালী, ভোজপুৰী আৰু অসমীয়া ভাষাৰ এক সুন্দৰ মিশ্রণত গঢ়ি উঠিছে আৰু সমগ্র চাহ জনগোষ্ঠীক একতাৰ ডোলেৰে বান্ধি ৰাখিছে ।
চাহ জনগোষ্ঠী সমাজখনৰ মাজত অনেক জাতি, উপজাতি আৰু সম্প্রদায় আছে। ইয়াৰে কিছুমান হ'ল- ওৰাওঁ, মুণ্ডা, চাওতাল, কুর্মী, তাঁতী, ঘাটোৱাৰ, গোৱালা, কমাৰ, কঁহাৰ, কালিন্দী, কিষান, কেৰী, খাড়িয়া, খণ্ডাইত, খদাল, গঁড়, গৰাইত, গঞ্জু, গাজলু, ঘাঁছি, গন্দ, চাওঁৰা, বৰাইক, চুঁড়ি, চবৰ, তাছা, তেলী, তুৰী, তেলেঙা, চাহু, হাজাম, নাগবংশী, পাতৰ, ধানোৱাৰ, পাণিকা, পৰজা, বাউৰী, বাকতি, বাঢ়ৈ, বেদিয়া, ভূমিজ, ভক্তা, মানকি, মাহলি, মোদী, মির্ধা, ৰবিদাস, ৰাজোৱাৰ, ৰোহিদাস, লোহাৰ, হাড়ী ইত্যাদি।
অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ চাহ বাগিচাত দীর্ঘকাল ধৰি বসবাস কৰি অহা চাহ জনগোষ্ঠী লোকসকল অসমীয়া সমাজৰ অপৰিহাৰ্য অংগ হৈ পৰিছে। অসমীয়া ভাষা-সংস্কৃতিক আঁকোৱালি ল'লেও চাহ জনগোষ্ঠীৰ লোকসকলৰ নিজস্ব পৰিচয় আছে। তেওঁলোকৰ নিজা কৃষ্টি-সংস্কৃতি, আচাৰ-ব্যৱহাৰ একেবাৰে লোপ পোৱা নাই।
অসমৰ চাহ বাগিচা অঞ্চলৰ জীৱন এক সুকীয়া পৃথিৱী। ইয়াত বাস কৰা লোকসকল, যাৰ নিজৰে এক অনন্য সংস্কৃতি আৰু পৰম্পৰা আছে যি তেওঁলোকৰ পূৰ্বপুৰুষৰ মূল স্থান (ঝাৰখণ্ড, উড়িষ্যা, বিহাৰ) আৰু অসমৰ মাটিৰ এটা সংমিশ্ৰণ। চাহ বাগিচাৰ ভিতৰত শ্ৰমিকসকলৰ বাবে যিবোৰ বস্তি থাকে, সেইবোৰক "লেবাৰ লাইন" বুলি কোৱা হয়। এই ঘৰবোৰ প্ৰায়ে শাৰী পাতি সজা হয়। পুৰণি বাগিচাবোৰত আজিও মাটিৰ দেৱাল আৰু খেৰ বা টিনৰ চালি থকা ঘৰ পোৱা যায়, কিন্তু এতিয়া চৰকাৰ আৰু মেনেজমেণ্টে পকী ঘৰ নিৰ্মাণ কৰি দিছে। প্ৰতিটো ঘৰৰ আগত বা পিছত এখন সৰু চোতাল থাকে য’ত তেওঁলোকে শাক-পাচলি কৰে বা কুকুৰা/গাহৰি পোহে। এয়া তেওঁলোকৰ অতিৰিক্ত উপাৰ্জন আৰু খাদ্যৰ উৎস হয়। সন্ধিয়াৰ সময়ত 'লাইন'ৰ দৃশ্য সলনি হৈ যায়। সকলো লোকে নিজৰ চোতালত বহি কথা পাতে, আৰু ঢোলকৰ শব্দ প্ৰায়ে শুনিবলৈ পোৱা যায়।
তেওঁলোকৰ খাদ্য অতি সাধাৰণ কিন্তু পুষ্টিকৰ হয় । তেওঁলোকে বিভিন্ন প্ৰকাৰৰ শাক খাবলৈ ভাল পায়। বাগিচাৰ শ্ৰমিকসকলে প্ৰায়ে চাহত চেনিৰ সলনি নিমখ দি খায়। তেওঁলোকৰ বিশ্বাস যে গোটেই দিনটোৰ প্ৰচণ্ড ৰ’দ আৰু ঘাম ওলোৱাৰ পিছত নিমখীয়া চাহে শৰীৰৰ ভাগৰ দূৰ কৰে আৰু শক্তি দিয়ে। উৎসৱ-পাৰ্বন আৰু বিশেষ অনুষ্ঠানত চাউলৰ পৰা প্ৰস্তুত কৰা স্থানীয় মদ 'হাণ্ডিয়া' সেৱন কৰা হয়, যি তেওঁলোকৰ সংস্কৃতিৰ এক পুৰণি অংশ।
কামৰ সময়ত মহিলাসকলে শাৰী পিন্ধে, কিন্তু তাক এক বিশেষ ধৰণে কঁকালত মেৰিয়াই লয় যাতে জোপোহাবোৰৰ মাজত খোজ কঢ়াত সুবিধা হয়। মূৰত প্ৰায়ে ৰ’দৰ পৰা বাচিবলৈ এখন গামোচা বন্ধা থাকে আৰু পিঠিত চাহ পাত ৰখাৰ টুকুৰী থাকে। পুৰুষসকলে ধুতি আৰু কুৰ্তা পিন্ধে, আৰু মহিলাসকলে ৰঙা পাৰি থকা বগা শাৰী পিন্ধে, যি তেওঁলোকৰ পৰম্পৰাগত সাজ-পোছাক।
চাহ জনগোষ্ঠীৰ সংস্কৃতি সংগীত আৰু নৃত্যৰ ওপৰত টিকি আছে । ঝুমুৰ নৃত্য তেওঁলোকৰ আটাইতকৈ বিখ্যাত নৃত্য। মহিলাসকলে ইজনে সিজনৰ কঁকালত ধৰি এটা শাৰীত নৃত্য কৰে। ইয়াৰ গীতবোৰত বাগিচাৰ জীৱন, দুখ-সুখ আৰু প্ৰেমৰ কাহিনী থাকে। মাদল, ঢোল, তাল আৰু নগাৰা তেওঁলোকৰ মুখ্য সংগীত বাদ্যযন্ত্ৰ। ইয়াৰ তালে তালে গোটেই বাগিচা উৎফুল্লিত হৈ উঠে। কৰম পূজা হ'ল তেওঁলোকৰ আটাইতকৈ ডাঙৰ উৎসৱ, যি প্ৰকৃতি আৰু খেতিৰ সৈতে জড়িত। ইয়াত 'কৰম' গছৰ পূজা কৰা হয় আৰু গোটেই ৰাতি নাচ-গান চলে।
অসমৰ সমাজ জীৱনৰ এক গুৰুত্বপূৰ্ণ অঙ্গ হৈয়ো চাহ জনগোষ্ঠী সমাজখন এতিয়াও বহু দিশত পিছ পৰি আছে। ৰাজ্যৰ অৰ্থনীতিত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰা চাহ শ্রমিকসকলৰ আৰ্থিক অৱস্থা টনকিয়াল নহয়। জীৱন ধাৰণৰ মান অতি নিম্নখাপৰ। চাহ শ্রমিকৰ দৈনিক মজুৰী তুলনামূলকভাৱে কম। নিৰক্ষৰতাৰ হাৰ ৰাজ্যৰ গড় হাৰতকৈ বহু বেছি। ভালদৰে শিক্ষাৰ পোহৰ নপৰা চাহ জনগোষ্ঠী সমাজখনক অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আৱৰি ৰাখিছে। দৰাচলতে যুগ-যুগ ধৰি বাগিচা কৰ্তৃপক্ষৰ কঠোৰ অনুশাসন আৰু আর্থিক সংকটৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হোৱা কাৰণে বহির্জগতৰ প্ৰভাৱৰ পৰা চাহ শ্ৰমিকসকল বহু দূৰতে ৰৈ গৈছিল। কিন্তু লাহে লাহে অৱস্থাৰ পৰিৱৰ্তন হ'বলৈ ধৰিছে। বাগিচাৰ কৰ্তৃপক্ষৰ লগতে চৰকাৰে কল্যাণমূলক আঁচনি গ্রহণ কৰিলে চাহ জনগোষ্ঠী সমাজখন সময়ৰ লগত খোজ মিলাই আগবাঢ়িব পাৰিব ।
বৰ্তমান ২০২৬ বৰ্ষৰ আনুমানিক হিচাপ অনুসৰি অসমত তেওঁলোকৰ জনসংখ্যা প্ৰায় ৭৫ লাখ, যিটো ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৭% ৰ পৰা ২০%। ইমান বৃহৎ জনসংখ্যা হোৱা সত্ত্বেও এই জনগোষ্ঠীটো দীৰ্ঘদিন ধৰি সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰি আছে। সেইবাবেই তেওঁলোকে দীৰ্ঘদিনৰ পৰা অসমত অনুসূচিত জনজাতি (ST) মৰ্যাদাৰ দাবী জনাই আহিছে। বৰ্তমান তেওঁলোকক ৰাজ্যিক পৰ্যায়ত অন্যান্য পিছপৰা শ্ৰেণী (OBC) বা অধিক পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া প্ৰকৃত সমস্যাটো হ'ল OBC কেটাগৰীত অসমৰ আন বহুতো অৰ্থনৈতিক আৰু সামাজিকভাৱে আগবঢ়া জনগোষ্ঠী বা জাতি অন্তৰ্ভুক্ত হৈ আছে। ফলস্বৰূপে, শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত চাহ বাগিচাৰ চৰম পিছপৰা ছাত্ৰ-ছাত্ৰীসকলে সেই উন্নত জাতিসমূহৰ সৈতে তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া হয়, যাৰ বাবে তেওঁলোকে সংৰক্ষণৰ প্ৰকৃত সুফল লাভ কৰিব নোৱাৰে। আটাইতকৈ ডাঙৰ জটিলতাটো হ’ল, এই জনগোষ্ঠীৰ লোকসকলৰ পূৰ্বপুৰুষ যিবোৰ ৰাজ্যৰ পৰা (যেনে—ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড় আৰু বিহাৰ) আহিছিল, তাত তেওঁলোকৰ মূল উপজাতিসমূহ (যেনে—চাওঁতাল, মুণ্ডা, ওৰাওঁ আদি) ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃত অনুসূচিত জনজাতি (ST) হয়। কিন্তু অসমলৈ প্ৰব্ৰজন কৰাৰ পিছত তেওঁলোকে এই সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল। চাহ জনগোষ্ঠীৰ বাবে ST মৰ্যাদা কেৱল এটা চৰকাৰী প্ৰমাণপত্ৰ নহয়, বৰঞ্চ ই তেওঁলোকৰ হেৰুৱা সামাজিক মৰ্যাদা (Social Dignity), ভূমিৰ ওপৰত মালিকীস্বত্ব (Land Rights) আৰু সৰ্বাংগীণ বিকাশৰ এক শক্তিশালী আইনী অস্ত্র।
অসমৰ চাহ উদ্যোগৰ আৰ্থিক গাঁথনিত ওপৰৰ পৰা তললৈ এক ডাঙৰ পাৰ্থক্য দেখিবলৈ পোৱা যায়। ইয়াৰ অৰ্থনীতি এটা পিৰামিডৰ দৰে, য’ত আটাইতকৈ তলত কাম কৰা শ্ৰমিকসকলৰ সংখ্যা আটাইতকৈ বেছি কিন্তু তেওঁলোকৰ উপাৰ্জন আটাইতকৈ কম। আহক বিস্তাৰিতভাৱে বুজি লওঁ কোনটো স্তৰত কিমান উপাৰ্জন হয়:
তৃণমূল স্তৰ: বাগিচাৰ মজদুৰ (দৈনিক মজুৰি শ্ৰমিক): এওঁলোক উদ্যোগটোৰ ৰাজহাড়, যিয়ে পাত তোলা আৰু বাগিচাৰ চোৱাচিতা কৰা কাম কৰে। অসমত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি প্ৰায় ২৫০ ৰ পৰা ২৮০ টকাৰ ভিতৰত (এয়া সময় সাপেক্ষে চৰকাৰী ঘোষণা অনুসৰি সলনি হৈ থাকে)। নগদ ধনৰ উপৰি, তেওঁলোকে ৰেচন, বিনামূলীয়া বাসস্থান (কোৱাৰ্টাৰ), আৰু কিছু পৰিমাণে চিকিৎসা সুবিধা পায়। অৱশ্যে, এই সুবিধাসমূহ প্ৰায়ে পুৰণি আৰু বেয়া অৱস্থাত । এওঁলোকৰ পোহপাল টানকৈ চলে। তেওঁলোকৰ পৰিয়াল সম্পূৰ্ণৰূপে এই মজুৰি আৰু বছৰত এবাৰ পোৱা বোনাচৰ ওপৰত নিৰ্ভৰ কৰে।
ছুপাৰভাইজৰ স্তৰ: চৰ্দাৰ আৰু চকীদাৰ: মজদুৰসকলৰ ওপৰত তেওঁলোকক নেতৃত্ব দিবলৈ 'চৰ্দাৰ' বা 'চকীদাৰ' থাকে। এওঁলোকে মজদুৰতকৈ অলপ বেছি দৰমহা পায়, প্ৰায় ১০,০০০ ৰ পৰা ১৫,००০ টকা প্ৰতি মাহে। তেওঁলোকক কিছু মাহৰ পুৰণি অভিজ্ঞতা থকাৰ পিছত এই দায়িত্ব দিয়া হয়।
মধ্যম পৰিচালনা: ইয়াত ফেক্টৰীত কাম কৰা টেকনিচিয়ান, অফিচ কেৰাণী আৰু মহৰী (ফিল্ড ছুপাৰভাইজৰ) পৰে। তেওঁলোকৰ মাহিলী দৰমহা ১৮,००০ ৰ পৰা ৩৫,००০ টকাৰ ভিতৰত হয়। তেওঁলোকে কোম্পানীৰ তৰফৰ পৰা উন্নত বাসস্থান আৰু ভাট্টা পায়।
উচ্চ পৰিচালনা: এচিছটেণ্ট মেনেজাৰ আৰু মেনেজাৰ: এই লোকসকল বাগিচাৰ প্ৰশাসনৰ বাবে দায়বদ্ধ। এচিছটেণ্ট মেনেজাৰ: তেওঁলোকৰ আৰম্ভণিৰ দৰমহা ৪০,००০ ৰ পৰা ৭০,००০ টকা পৰ্যন্ত হ’ব পাৰে। গাৰ্ডেন মেনেজাৰ: এজন অভিজ্ঞ মেনেজাৰৰ দৰমহা ১.৫ লাখৰ পৰা ৩ লাখ টকা প্ৰতি মাহে হ’ব পাৰে, যি কোম্পানীৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকে "বঙলা জীৱন" পায়, য’ত চাকৰ-বাকৰ, গাড়ী আৰু ডাঙৰ ঘৰ অন্তৰ্ভুক্ত থাকে যি ব্ৰিটিছ যুগৰ পৰম্পৰাৰ এটা অংশ।
উদ্যোগটোত লোকসকলৰ আৰ্থিক অৱস্থা (বৰ্তমানৰ অৰ্থনৈতিক বাস্তৱতা): এতিয়া এই উদ্যোগটোত দুটা ডাঙৰ প্ৰত্যাহ্বান আছে যিয়ে লোকসকলৰ পকেটত প্ৰভাৱ পেলাইছে: ১. উৎপাদনৰ খৰচ বনাম বিক্ৰী মূল্য: চাহ উৎপাদনৰ খৰচ (মানৱ শক্তি, সাৰ, পৰিবহন) বাঢ়িছে, কিন্তু বজাৰত চাহৰ মূল্য সেই অনুপাতে বঢ়া নাই। ইয়াৰ পোনপটীয়া প্ৰভাৱ মজদুৰৰ মজুৰি বঢ়োৱাৰ ওপৰত পৰে—কোম্পানীবোৰে কয় যে তেওঁলোকৰ ওচৰত ধন নাই, আৰু মজদুৰে কয় যে ইমান কমেৰে ঘৰ নচলে। ২. স্মল টি গ্ৰোৱাৰ্ছ (ক্ষুদ্ৰ চাহ খেতিয়ক) ৰ বৰ্ধিত প্ৰভাৱ: এতিয়া ডাঙৰ বাগিচাবোৰৰ পৰিৱৰ্তে ক্ষুদ্ৰ খেতিয়কসকল (যিয়ে নিজৰ ২-৩ বিঘা মাটিত চাহ খেতি কৰে) বেছি হৈছে। এই খেতিয়কসকলৰ ওচৰত কোনো মেনেজমেণ্ট হায়াৰাৰ্কি নাথাকে, তেওঁলোকে নিজেই পৰিশ্ৰম কৰে আৰু ফেক্টৰীক পাত বিক্ৰী কৰে। তেওঁলোকৰ লাভ সম্পূৰ্ণৰূপে পাতৰ গুণগত মান আৰু বজাৰৰ দৰৰ ওপৰত নিৰ্ভৰ কৰে।
অসমৰ স্থানীয় লোকসকলো এতিয়া চাহ উদ্যোগত কেৱল এজন দৰ্শক হৈ থকা নাই, বৰঞ্চ তেওঁলোকে যোৱা ২০-৩০ বছৰত এই খণ্ডটোৰ সম্পূৰ্ণ ৰূপ সলনি কৰি দিছে। আগতে যি উদ্যোগ কেৱল ডাঙৰ ব্ৰিটিছ বা কৰ্প’ৰেট বাগিচাসমূহৰ মাজতে সীমাবদ্ধ আছিল, এতিয়া সেয়া ঘৰে ঘৰে গৈ পাইছে। স্থানীয় লোকসকল এতিয়া উদ্যোগটোৰ সৈতে তিনিটা ডাঙৰ উপায়েৰে জড়িত হৈ আছে:
ক্ষুদ্ৰ চাহ খেতিয়ক (আটাইতকৈ ডাঙৰ পৰিৱৰ্তন): আজিকালি অসমৰ মুঠ চাহ উৎপাদনৰ প্ৰায় ৫০% তকৈও অধিক অংশ "ক্ষুদ্ৰ চাহ খেতিয়ক"সকলৰ পৰা আহে। ইয়াৰ ভিতৰত প্ৰায় সকলো স্থানীয় অসমীয়া যুৱক আৰু পৰিয়াল। যিসকল লোকৰ ওচৰত নিজৰ অলপ মাটি আছিল, তেওঁলোকে তাত ধান বা অন্য খেতি এৰি চাহ খেতি কৰিবলৈ ল’লে। ইয়াৰ দ্বাৰা স্থানীয় লোকসকলৰ মাজত মালিকীস্বত্ব আহিছে। তেওঁলোক এতিয়া মজদুৰ নহয়, বৰঞ্চ 'উদ্যোক্তা'। তেওঁলোকে নিজৰ বাগিচাত নিজেই কাম কৰে বা স্থানীয় লোকক কামত ৰাখে আৰু পাত (কেঁচা পাত) ডাঙৰ ফেক্টৰীবোৰক বিক্ৰী কৰে। আকৌ কিছুমান স্থানীয় উদ্যোক্তাসকলে নিজৰ নিজৰ ফেক্টৰী স্থাপন কৰিছে, যাক ‘বট লিফ ফেক্টৰীজ’ বুলি কোৱা হয়। এই ফেক্টৰীবোৰে নিজৰ ডাঙৰ বাগিচা নাৰাখে, বৰঞ্চ ওচৰ-পাজৰৰ ক্ষুদ্ৰ খেতিয়কসকলৰ পৰা পাত কিনি চাহ প্ৰস্তুত কৰে। ইয়াত স্থানীয় অসমীয়া লোকসকলে মালিক আৰু মেনেজাৰ হিচাপে কাম কৰি আছে। ই স্থানীয় অৰ্থনীতিক যথেষ্ট শক্তিশালী কৰি তুলিছে।
আজি ডাঙৰ কৰ্প’ৰেট বাগিচাসমূহতো স্থানীয় লোকৰ ভূমিকা সলনি হৈছে । আগতে এই পদবোৰত প্ৰায়ে বাহিৰৰ লোক আছিল, কিন্তু এতিয়া অসমৰ স্থানীয় লোকসকল (অসমীয়া, বড়ো, কাৰ্বি আদি) বৃহৎ পৰিমাণে গাৰ্ডেন মেনেজাৰ, ৱেলফেয়াৰ অফিচাৰ আৰু একাউণ্টেণ্ট হিচাপে কাম কৰি আছে। ফেক্টৰীৰ ভিতৰৰ কাৰিকৰী যন্ত্ৰ-পাতি আৰু টি টেষ্টিঙতো স্থানীয় যুৱকসকল যথেষ্ট সক্ৰিয়।
এতিয়া কিছুমান স্থানীয় লোক কেৱল পাত বিক্ৰী কৰাতে সীমাবদ্ধ হৈ থকা নাই; তেওঁলোকে নিজৰ ব্ৰেণ্ড গঢ়ি তুলিছে আৰু "হেণ্ডমেড টি" বা "অৰ্গেনিক টি"ৰ দৰে বিশেষ বজাৰত কাম কৰি আছে। তেওঁলোকে নিজৰ চাহ পোনপটীয়াকৈ কলকাতা বা গুৱাহাটী নিলাম কেন্দ্ৰলৈ পঠিয়ায় বা অনলাইন প্লেটফৰ্মৰ জৰিয়তে বিদেশলৈ ৰপ্তানি কৰি আছে।
মুঠৰ ওপৰত ভাৰতৰ অৰ্থনীতিত অসমৰ চাহশিল্পই বিশিষ্ট ভূমিকা গ্রহণ কৰিছে। অসমৰ চাহপাত বিভিন্ন দেশত বিক্ৰী কৰি বিদেশী মুদ্রা অৰ্জন কৰিবলৈও সমৰ্থ হৈছে। চাহ উদ্যোগৰ এই সাফল্যই বহুতৰে কৰ্ম-সংস্থান আৰু উপাৰ্জনৰ বাট মুকলি কৰিছে। ভৱিষ্যতে এয়া কেৱল খেতি নহয় বৰঞ্চ প্ৰযুক্তি, পৰ্যটন আৰু সংস্কৃতিৰ এটা সংমিশ্ৰণ হ’ব। যদি চৰকাৰে নিজৰ নীতিসমূহ আন্তৰিকতাৰে মাটিত ৰূপায়ণ কৰে আৰু শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ পায়, তেন্তে অসমৰ চাহে আগন্তুক ১০০ বছৰলৈকে পৃথিৱীৰ ওপৰত ৰাজত্ব কৰি থাকিব।

Comments
Post a Comment